অহা ৩ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নদুৱাৰ সমষ্টিত উপস্থিত হৈ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম পৰ্যায়ৰ ১০,০০০ টকাৰ চেক বিতৰণ কৰিব। এই সভাৰ সফল আয়োজনৰ বাবে বিভিন্ন দিশৰ পৰ্যালোচনা কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সন্দৰ্ভত শীৰ্ষ চৰকাৰী বিষয়াসকলৰ লগতে নদুৱাৰ তথা চতিয়া উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধৰ সৈতে আলোচনাত তেখেতে মিলিত হয় । নদুৱাৰ সমষ্টিৰ মহিলাসকলো যাতে সময়ৰ সৈতে খাপ খুৱাই উন্নয়নৰ বাটেৰে আগবাঢ়ি যাবলৈ সফল হয়, এই ক্ষেত্ৰত অসম চৰকাৰ সদায় দায়বদ্ধ বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।













