ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই নাগালেণ্ডৰ সৃষ্টিশীল সম্ভাৱনাক স্বীকৃতি দি নাগালেণ্ডৰ সংগীত প্ৰতিভা বিকাশৰ বাবে ৰাজ্যখনত বিনিয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বাবে এ আৰ ৰহমানক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে পৰম্পৰাগত নাগা আখ্যান, সংগীত আৰু থলুৱা শিল্পকলাক সমসাময়িক প্ৰডাকচন কৌশলৰ সৈতে মিহলাই সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাত ষ্টুডিঅ’ই সহায় কৰিব লগতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে সুলভ কৰি তোলাত গুৰুত্ব দিব। এ আৰ ৰহমানৰ সৈতে হোৱা সহযোগিতাই নাগালেণ্ডক উদীয়মান সৃষ্টিশীল আৰু সাংস্কৃতিক কেন্দ্ৰ স্বৰূপে গঢ়ি তোলাৰ উপৰিও কৰ্মসংস্থাপন সৃষ্টি, সৃষ্টিশীল উদ্যোগীকৰণক উৎসাহিত কৰিব।













