আজি এ আৰ এ এ চি এ সংস্থাৰ ৩৫ জনীয়া দলৰ কন্যকা বহুমুখী পামত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সাক্ষাৎ। নতুন প্ৰযুক্তিগত কৃষি ব্যৱস্থা তথা কৃষিৰ যোগেদি স্বাৱলম্বিতা আদিৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা পোনপটীয়া কৃষিক্ষেত্ৰক প্ৰভাৱিত কৰা বিভিন্ন দিশৰ পৰ্যবেক্ষণৰ উদেশ্যে পামলৈ আহি পামখন চোৱাৰ উপৰি অসমৰ বিকাশত আধুনিক কৃষিৰ ভূমিকা এই বিষয়ে তেওঁলোকে বিধায়কগৰাকীৰ সৈতে মত-বিনিময় কৰে। বিধায়ক পদ্ম হাজৰিকাই সংস্থাটোৰ কৃষিক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ সফলতা কামনা কৰে।













