আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভণি কৰাৰ লগে-লগে চাহ উদ্যোগৰ সৈতে জড়িত হৈ থকা নিষ্ঠাবান কৰ্মীসকলে যেন লাভ কৰিলে এক যথোচিত সন্মান আৰু স্বীকৃতি। উক্ত আঁচনিৰ অধীনত ৬,০০,০০০ ৰো অধিক চাহ শ্ৰমিক তথা কৰ্মচাৰীৰসকলে একালীন সাহাৰ্য ৰূপে ৫,০০০/- টকাকৈ লাভ কৰিব। আজিৰ এই ঐতিহাসিক মুহূৰ্ত্তত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই কাৰ্যসূচীত উপস্থিত থাকে। চতিয়াৰ নকৈ বৃহত্তৰ দিকৰাই অঞ্চলৰ দিকৰাই চাহবাগিচা, গেলাহাটিঙা চাহবাগিচা, মনাই চাহবাগিচা, দিপলঙা চাহবাগিচা, ব্যক্তিগত খণ্ডৰ তেজালপতি চাহ বাগিচাৰ ৩,৪৯৪ ৰো অধিক চাহ শ্ৰমিক তথা কৰ্মচাৰীসকল উপকৃত হ’ব। এই সভাখনত সমজিলাৰ আয়ুক্ত, আয়ুক্ত, নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি, খণ্ড উন্নয়ন বিষয়াৰ লগতে গাঁও পঞ্চায়তৰ বিষয়াৰ উপস্থিত থাকে।













