শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৫-২৬ বৰ্ষৰ বিশেষ সংশোধনৰ অধীনত নিৰ্বাচনী তালিকা পৰ্যবেক্ষণৰ এখনি বৈঠক ইআৰঅ’সকলৰ উপস্থিতিত সম্পন্ন হৈ যায়। এই বৈঠকৰ উদেশ্য আছিল শোণিতপুৰ জিলাৰ ভোটৰ তালিকাৰ আসোঁৱাহ মুক্ত হোৱাতো নিশ্চিত কৰা। নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝা, জিলা আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে বহুকেইজন গণ্য-মান্য লোক আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সকলো দলে ভোটাৰ তালিকা আসোঁৱাহ মুক্ত হোৱা বুলি স্বীকাৰ কৰা বাবে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মন্তব্য প্ৰকাশ কৰে যে এইবাৰ শোণিতপুৰত নিকা নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত তালিকাত অন্তৰ্ভুক্ত এই ভোটাৰসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।













