কংগ্ৰেছে ৰাইজৰ প্ৰত্যাশাক গুৰুত্ব আৰোপ নকৰাৰ ফলত দলটোত সৃষ্টি হোৱা শূন্যতালৈ লক্ষ্য ৰাখি অঞ্চলটোৰ বিকাশ যাত্ৰাত অংশীদাৰ হোৱাৰ উদেশ্যে জামুগুৰি পৌৰসভাৰ অন্তৰ্গত কৰতিপাৰ গাঁওৰ ১০নং ৱাৰ্ডৰ মিন্টু কলিতা, কল্যাণ কলিতা, মানসী কলিতা, ত্ৰিদিপ নাথ, তথা হেৰম্ব ডেকাই আনুষ্ঠানিকভাৱে আজি বিজেপি দলত যোগদান কৰে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আটাইকেইগৰাকী কৰ্মকৰ্তাক বিজেপি দললৈ স্বাগতম জনাই মন্তব্য কৰে যে তেওঁলোকৰ এই যোগদানে প্ৰমাণ কৰিছে কৰ্মকৰ্তাসকলে কংগ্ৰেছে সৃষ্টি কৰা শূন্যতাৰ পৰিৱৰ্তে সংগঠিতভাৱে কাম কৰি নিজ সমষ্টিৰ উন্নয়ন নিশ্চিত কৰিব বিচাৰিছে আৰু শৃংখলাবদ্ধভাৱে কাম কৰিবলৈ বিজেপি দলত এই কৰ্মকৰ্তাসকলৰ যোগদানে তৃণমূল পৰ্যায়ত দলৰ ভেটি সুদৃঢ় কৰাত সহায়ক হ’ব।













