নিজৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশ ৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৬ বজাত গুৱাহাটীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক “বাগুৰুম্বা দহৌ ২০২৬” ত উপস্থিত থাকিব। অহা ১৮ জানুৱাৰীত পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ ৰ কলিয়াবৰ–নুমলীগড় ষ্ট্ৰেচৰ ফ্লেগশ্বিপ ফ’ৰলেনিং ইনিচিয়েটিভ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ বাবে ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।













