অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম দ্য আছাম ট্ৰিবিউন গ্ৰুপ। এই গ্ৰুপৰ স্বত্বাধিকাৰী ৰূপে তেখেতে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত খবৰ সত্য আৰু শুদ্ধ তথ্যৰ ওপৰত আধাৰিত হোৱাত গুৰুত্ব আৰোপ কৰিছিল।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি ইংৰাজী দৈনিক ‘দ্য আছাম ট্ৰিবিউন’ৰ এই বৰ্ষীয়ান সম্পাদকগৰাকীৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো মৰ্মাহত হোৱা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদিয়েও তেখেতৰ মৃত্যুত ছ’চিয়েল মিডিয়া এক্সত নিজৰ শোক প্ৰকাশ কৰিছে।













