মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৪ আৰু এচ অ’ পি ডি শিতানৰ অধীনত ১ টা পথৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰিলে বিধায়ক পদ্ম হাজৰিকাই। মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনৰ চাৰিটা নিৰ্মাণ হ’বলগীয়া পথ হৈছে ক্ৰমে:- উজুৱাচুক পৰা গেৰেলুৱাচুক আৰু কোঁচগাঁও সংযোগী পথ, হাটিঙা মুদৈবস্তি পৰা ইটাখোলা সংযোগী পথ, মংগলবৰীয়া বজাৰ পৰা ওৰাংবস্তি হৈ ন-তেলীয়া গাওঁ সংযোগী পথ, তথা নিজবস্তি- মুৰাবস্তি সংযোগী পথ । এই চাৰিটা পথৰ উপৰি এচ অ’ পি ডি শিতানৰ অধীনত নিৰ্মাণ হ’বলগীয়া জিঅ’ চেণ্টাৰ- লালটাপু ভূঞাপাৰা সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয় যে তেখেতৰ মনত আশাৰ সঞ্চাৰ হৈছে যে নদুৱাৰ সমষ্টিক অসমৰ ভিতৰতে অন্যতম বিকশিত সমষ্টি ৰূপত আগুৱাই নিয়াৰ লগতে ৰাইজৰ প্ৰত্যাশাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব।













