কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত ভগৱান কৃষ্ণই বিচলিত অৰ্জুনক যিদৰে ভাগৱত শিক্ষাৰে মাৰ্গদৰ্শন কৰিছিল; সেই পৱিত্ৰ দিনটো প্ৰতিবছৰে মোক্ষদা একাদশীত গীতা জয়ন্তী পালন কৰা হয়। ২০২৫ ৰ ১ ডিচেম্বৰ তাৰিখে গীতা জয়ন্তী, শাস্ত্ৰখনত বিশ্বাস ৰখা ভক্তসকলে পালন কৰিব। উক্ত দিনটোত গীতাৰ শ্লোক পাঠ, শ্ৰীকৃষ্ণৰ আৰাধনা আদি কৰা হয়। গীতাই জীৱনৰ গভীৰ প্ৰশ্নৰ সমাধান আৰু কৰ্তব্য, ভক্তি, অনুশাসন তথা ধৰ্মৰ পথত বাট দেখুৱাই বুলি ভক্তসকলে বিশ্বাস কৰে।













