উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় চেৰী ব্ল’ছ’ম ফেষ্টিভেলত এই বছৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ৩১ অক্টোবৰত ইতিমধ্যে শিল্পীগৰাকীৰ অন্তিমখন বোলছবি ‘ৰৈ ৰৈ বিনালেই’ দৰ্শকৰ বাবে মুক্তি লাভ কৰিছে । এনে সময়তে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম প’লো খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া চেৰী ব্ল’ছ’ম জুবিন গাৰ্গলৈ সংগীতেৰে শ্ৰদ্ধা জনোৱাৰ প্ৰয়াসৰ প্ৰাসংগিকতা বৃদ্ধি হৈছে।













