৩০ অক্টোবৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি মহিলা বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিপক্ষে ৫ উইকেটত জয় লাভ কৰে। অষ্ট্ৰেলিয়াই ৪৯.৫ অভাৰত ভাৰতক জয়ৰ বাবে ৩৩৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ ফিবি লিচফিল্ডে ১১৯ আৰু এছ গাৰ্ডনাৰে ৬৩ ৰানৰ অৰিহণা আগবঢ়াই। ভাৰতৰ জেমিমাহ ৰড্ৰিগেছে এটা শতকীয় ইংনিছ আৰু হৰমনপ্ৰীত কৌৰে ৮৯ ৰান সংগ্ৰহ কৰে। ফাইনেলত ভাৰতৰ প্ৰতিপক্ষ হ’ব দক্ষিণ আফ্ৰিকা।













