২৫ চেপ্তেম্বৰ তাৰিখে যোৰহাট জিলাৰ চিনামৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট, ইক’ ক্লাব, গ্রীন থিংকাৰ গোটৰ উদ্যোগত, ইউনেস্ক’ৰ স্বীকৃতিপ্রাপ্ত মহাবিদ্যালয়ৰ গৱেষণা কেন্দ্র, ইণ্ডিয়ান একাডেমিক ৰিছাৰ্চ এছ’চিয়েচন, তামিলনাডু, ৰিছাৰ্ছ চেন্টাৰ ফৰ ইউনাইটেড নেচনছ আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত তৃতীয় বার্ষিক পৰিৱেশ কৰ্মী, চৰকাৰী গাঁওবুঢ়া গমন মুক্তিয়াৰ আৰু চৰকাৰী গাঁওবুঢ়া নিতাৰাম শইকীয়া স্মাৰক চতুৰ্থতম ৰাজ্যিক পৰিৱেশ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নিজ সমষ্টিৰ চাৰি শৰণীয়া পথৰ দিভাইডাৰত গছপুলি ৰোপণ কৰাৰ লগতে কন্যকা বহুমুখী কৃষি পামৰ দ্বাৰা ইতিমধ্যে ৰাজ্যখনত এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ প্ৰয়াস অব্যাহত ৰখা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ এই বৰ্ষৰ গমন মুক্তিয়াৰ স্মাৰক ৰাজ্যিক পৰিৱেশ বঁটা আগবঢ়োৱা হৈছে। এয়া ৰাইজৰ আশীৰ্বাদৰেই অন্য এক ৰূপ বুলি বিধায়কগৰাকীয়ে মনৰ ভাব প্ৰকাশ কৰে।ডিব্ৰুগড়স্থিত বগীবিল ইকো ৰিজৰ্টৰ স্বত্বাধিকাৰী বিশিষ্ট পৰিৱেশবিদ প্ৰদীপ কুমাৰ শইকীয়ালৈও নিতাৰাম শইকীয়া সোঁৱৰণী পৰিৱেশ বঁটা লাভ কৰা বাবে বিধায়কগৰাকীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই অনুষ্ঠান ৰাজ্যখনৰ বহুকেইজন গণ্য-মান্য লোকৰ উপস্থিতিৰে সফলতাৰে সম্পন্ন হয়।













