প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল ২.০ গৃহ নিৰ্মাণৰ নগৰীয়া দিশ, প্ৰযুক্তিগত উদ্ভাৱন, সৰ্বাংগীনতা, আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই আঁচনিৰ জৰিয়তে জামুগুৰি পৌৰসভাৰৰ মুঠ ১২৩ গৰাকী আৰু চতিয়া পৌৰসভাৰ ১৪৭ গৰাকী হিতাধিকাৰীসকলৈ জামুগুৰিহাটস্থিত বাপুজী ভৱনত আৰু চতিয়াৰ নাট্য ভৱনত আৱাস গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।দুয়োটা অনুষ্ঠান জামুগুৰি আৰু চতিয়া দুয়ো গৰাকী পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিসহ অন্যান্য বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত সম্পন্ন হৈ যায় ।













