Email :16
বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান ৰূপে স্বীকৃত ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গৃহীত হৈছিল। এই দিনটো সংবিধান দিৱস তথা ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়। সংবিধান দিৱস উপলক্ষে ৰাইজক দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ কোৱাৰ লগতে নাগৰিকসকলক নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনাইছে।













