Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি চাৰিদুৱাৰ কন্যকা ভৱনত চাৰিদুৱাৰ মণ্ডলৰ যুৱ শক্তিক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই যোৱা ২৪ নবেম্বৰত লাচিত দিৱসত অসম বুক অৱ ৰেকৰ্ডচৰ সফলতাৰ স্বীকৃতি স্বৰূপে প্ৰমাণপত্ৰ প্ৰদান কৰে।
অসম

আজি চাৰিদুৱাৰ কন্যকা ভৱনত চাৰিদুৱাৰ মণ্ডলৰ যুৱ শক্তিক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই যোৱা ২৪ নবেম্বৰত লাচিত দিৱসত অসম বুক অৱ ৰেকৰ্ডচৰ সফলতাৰ স্বীকৃতি স্বৰূপে প্ৰমাণপত্ৰ প্ৰদান কৰে।

Email :13

আজি চাৰিদুৱাৰ কন্যকা ভৱনত চাৰিদুৱাৰ মণ্ডলৰ পৰা অহা ডেকা শক্তিক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়; কিয়নো তেওঁলোকৰ প্ৰবল উৎসাহ আৰু উদ্যমে, যোৱা ২৪ নবেম্বৰ ২০২৫ তাৰিখে ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পকামূৰা পথাৰত, লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম বুক অৱ ৰেকৰ্ডচ গঢ়াৰ উদেশ্যে উলিওৱা, বিভিন্ন জনগোষ্ঠীৰ সৈতে ১,২০০ ৰো অধিক লোকৰ সমাৱেশেৰে একে সাজ-পোছাক আৰু হেংদাঙসহ বৰ্ণিল শোভাযাত্ৰাক সফল কৰি তোলাত অৰিহণা যোগায়।চাৰিদুৱাৰ মণ্ডলৰ প্ৰাণ স্বৰূপ এই যুৱ শক্তিৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ স্বীকৃতি স্বৰূপে প্ৰমাণপত্ৰ প্ৰদান কৰি আনন্দিত হোৱা বুলি কয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে মহাবীৰ লাচিত বৰফুকন কেৱল বুৰঞ্জীৰ এক চৰিত্ৰ নহয়, তেখেতৰ দেশপ্ৰেম, জীৱনৰ প্ৰতি দৃষ্টিভংগী আদি অসমৰ বাবে পথপ্ৰদৰ্শক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts