অহা ২০২৬ বৰ্ষৰ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনি জামুগুৰিহাটৰ ধলাইবিল-নাহৰবাৰী পথাৰ (জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ) ত অনুষ্ঠিত হ’ব। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ আদৰণী সমিতিৰ সৈতে অধিবেশনৰ কাৰ্যকৰী সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম বিধানসভাস্থিত কাৰ্যালয়ত উপস্থিত হৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক পীযুষ হাজৰিকা ডাঙৰীয়াক সাক্ষাৎ কৰি অধিবেশনলৈ আমন্ত্ৰণ জনাই।













