Email :15
২ জানুৱাৰীত অসম লোকসেৱা ভৱনত স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ উদাসীন ৬২০ গৰাকী ভকতলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ১,৫০০ টকাৰ মাহিলী সাহায্য। অসমৰ সত্ৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ অহৰ্নিশে কাম কৰি যোৱা ভক্তসকলৰ প্ৰতি অসম চৰকাৰে শ্ৰদ্ধা স্বৰূপে আৰম্ভ কৰা উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ অধীনত এই মাহিলী সাহায্যই ভক্তসকলৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপ।













