আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম যোৱা ৮ মাৰ্চত সাক্ষী হয় এক স্বৰ্ণিম ক্ষণৰ। ৯৬ ৰানৰ এক বিশাল ব্যৱধানত প্ৰতিপক্ষ নিউজিলেণ্ড দলক পৰাজিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ খিতাপ তৃতীয়বাৰলৈ অৰ্জন কৰে। ভাৰতীয় দলৰ ২৫৬ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ১৯ অভাৰত মাত্ৰ ১৫৯ ৰানত ইংনিছ সামৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট দললৈ শুভেচ্ছা জ্ঞাপন কৰে।











