অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন লোকৰ সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন প্ৰয়াস কৰি আহিছে। তাৰেই অংশস্বৰূপে আজি বাথৌকুৰি খেলপথাৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুসূচিত জাতি আৰু অন্যান্য পৰম্পৰাগত বন নিবাসী (বন অধিকাৰ স্বীকৃতি) অধিনিয়ম ২০০৬ অনুসৰি দখলত থকা বন্যভূমিৰ স্বত্ব প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে যে যিসকলে এই মাটিৰ স্বত্ব লাভ কৰিছে সঠিক ব্যৱহাৰ কৰি জীৱনটো সঠিক দিশত আগুৱাই নিবলৈ সক্ষম হʼব। উক্ত সভাত অসমত হৈ থকা নিৰন্তৰ বিকাশ তথা উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি যিসকলে আজি বিজেপি দলত যোগদান কৰিছে বিধায়কগৰাকীয়ে তেওঁলোকক দললৈ স্বাগতম জনায়। এই সভাখনত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত আৰু স্থানীয় ৰাইজ।













