Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৭ জানুৱাৰীত বিজেপি দলৰ বৰ্দ্ধিত জিলা কার্য্যনির্বাহক সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

৭ জানুৱাৰীত বিজেপি দলৰ বৰ্দ্ধিত জিলা কার্য্যনির্বাহক সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :9

আজি বিজেপি দলৰ বৰ্দ্ধিত জিলা কার্য্যনির্বাহকখনি তেজপুৰস্থ জিলা কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা সভানেত্রী শ্রী মধুস্মিতা ডেকা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰাজনৈতিক প্রস্তাৱ উত্থাপন কৰে। ভাষণ প্রসংগত বিধায়ক গৰাকীয়ে মাননীয় প্রধানমন্ত্রী শ্রীযুত নৰেন্দ্র মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্রী শ্ৰীযুত হিমন্ত বিশ্ব শর্মাদেৱৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপসমূহ ব্যাখ্যা কৰে। তদুপৰি অসমত কংগ্রেছৰ চৰকাৰৰ সময়ত সৃষ্টি হোৱা দুর্যোগপূর্ণ অশান্ত পৰিৱেশ তথা ব‍্যাপক হিংসা-হত্যালীলা ঘটনাসমূহৰ অৱসান ঘটাই বিজেপি চৰকাৰে প্রতিষ্ঠা কৰা শান্তিৰ অসমত আজি বন্দুকৰ গুলীৰ শব্দৰ বিপৰীতে চৰাইৰ মাতত ৰাতিপুৱায় বুলি উল্লেখ কৰে। এই সভাত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলে ৰাজ্যিক সহ-প্ৰভাৰী হিচাপে নিযুক্ত কৰা দৰ্শনা জৰদোশ ডাঙৰীয়ানীয়ে ৰাইজৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ উপৰিও দলটোক আগন্তুক নিৰ্বাচনলৈ সাজু কৰি তুলিবলৈ দিয়া পৰামৰ্শসমূহো কাৰ্যকৰ্তাসকলৰ বাবে সহায়ক হ’ব। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত পল্লৱলোচন ডাঙৰীয়াৰ সাৰগৰ্ভ বক্তব্যয়ো কৰ্মকৰ্তাসকলক আগন্তুক নিৰ্বাচনী যুঁজলৈ প্ৰেৰিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts