আজি কন্যকা বহুমুখী চ’চিয়েল ট্ৰাষ্টৰ উদ্যোগত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আয়োজিত সম্পূৰ্ণ বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ কাৰ্যসূচীৰ পাঁচমাইল বিজেপি শাখা কাৰ্যালয়ত শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেখেতে আশা কৰে যে এই প্ৰচেষ্টাই অঞ্চলবাসীক উপকৃত কৰিব লগতে গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ পৰা এই শিবিৰত অংশগ্ৰহণ কৰা চিকিৎসকসকললৈ তেখেতে আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰে।













