আজি চকিঘাট দলঙৰ সমীপত অসম গেছ কোম্পানী লিমিটেডৰ এটি নতুন তেল ডিপ’ উদ্বোধন কৰে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা বাবে আৰু অঞ্চলটোক উপকৃত কৰি তুলিব পৰা এই পদক্ষেপৰ বাবে বিধায়কগৰাকীয়ে উদ্যোক্তাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। এই তেল ডিপ’ই যাত্ৰীসকলৰ যাতায়ত সুচল কৰাৰ লগতে অঞ্চলটোৰ বিকাশত ইতিবাচক ভূমিকা পালন বুলি বিধায়কগৰাকীয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে।













