আজি জামুগুৰি বাৰেচহৰীয়া সাস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি প্ৰবীণ বৰুৱাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এক বিশেষ স্মৃতিচাৰণ সভা জামুগুৰিহাটত অনুষ্ঠিত হয়। তেখেতে ১৯৮৯-১৯৯০ লৈ অসম বিজেপিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ নেতৃত্বত দহজন সদস্যক বিজেপিয়ে অসম বিধানসভালৈ আৰু দুজনক লোকসভালৈ পঠিয়াবলৈ সফল হৈছিল। ২৯ চেপ্তেম্বৰ ২০০৯ ত পৰলোকপ্ৰাপ্তি ঘটা এই নেতাগৰাকীৰ ৰাজনৈতিক দক্ষতা, জীৱন দৰ্শনৰ লগতে সমাজলৈ আগবঢ়োৱা অৱদানৰ স্মৃতিচাৰণ কৰা হয়। এই সভাতেই বিজেপিক প্ৰতিষ্ঠাকালৰ পৰা নিজৰ মাৰ্গদৰ্শনেৰে শক্তিশালী কৰা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১০১ তম জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই বিশেষ স্মৃতিচাৰণ সভাত বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস, অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ, অন্যান্য বিষয়ববীয়া তথা ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।













