১৯২১ চনত অসম আন্দোলনৰ সময়ত চতিয়া জাতীয় হাইস্কুল প্ৰতিষ্ঠা হৈছিল । এই শিক্ষানুষ্ঠানখন ১৯৭৭ চনত চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে পৰিচয় লাভ কৰে। আজি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ XXX) ৰ অধীনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই পদক্ষেপে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো উপকৃত কৰিব বুলি বিধায়কগৰাকীয়ে আশা কৰে।













