পদ্মভূষণ বঁটা বিজয়ী ভাস্কৰ্য শিল্পী ৰাম সুতাৰ মৃত্যু ঘটিছে। বয়স তথা স্বাস্থ্যজনিত জটিলতাত ভাস্কৰ্য শিল্পীগৰাকী আক্ৰান্ত হৈ আছিল। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক উত্তৰাধিকাৰৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ কথা সুঁৱৰি এক্সত লিখিছে যে অসমবাসীৰ সৌভাগ্য ৰাম সুতাৰে লাচিত বৰফুকনৰ এক ভব্য মূৰ্তি আৰু উপৰিও শীঘ্ৰেই গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি সাজি থৈ গৈছে। চৰ্দাৰ বল্লভভাই পেটেলক উৎসৰ্গিত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি গুজৰাটৰ ষ্টেচু অৱ ইউনিটিৰ ডিজাইনত প্ৰকাশ পোৱা তেখেতৰ সৃজনীশীলতাই ভাৰতীয় ভাস্কৰ্যক বিশ্ব দৰবাৰত এক বিশেষ স্থান দি থৈ গৈছে।













