মূলা গাভৰুৰ মৈদামে আজিও প্ৰতিফলিত কৰি আছে অসমীয়া নাৰীৰ শক্তি আৰু স্বাভিমান। মূলা গাভৰুৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বুৰঞ্জী প্ৰসিদ্ধ মূলাগাভৰু মৈদামৰ উপাসনাস্থলীৰ আধাৰশিলা স্থাপন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। চতিয়াৰ চলাহলাত অৱস্থিত মূলাগাভৰু মৈদামৰ প্ৰতি নদুৱাৰবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ তথা দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ’ব বুলি দৃঢ় বিশ্বাসী বুলি সদৰি কৰে বিধায়কগৰাকীয়ে।













