আজি শোণিতপুৰ জিলা আয়ুক্তৰ সভাকক্ষত অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত শোণিতপুৰ জিলাৰ উন্নয়নমূলক বিভাগসমূহৰ প্ৰকল্পৰ কামসমূহৰ ৰূপায়নৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান, সময়সীমা আদি সন্দৰ্ভত আলোচনা সম্পন্ন হৈ যায়। ফলপ্ৰসূ সেৱা প্ৰদান, আন্তঃবিভাগীয় সমন্বয়, আৰু শোণিতপুৰ জিলাৰ জনসাধাৰণৰ সুবিধাৰ বাবে কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে থকা নীতি নিৰ্দেশনা সমূহ গুৰুত্ব সহকাৰে আলোকপাত কৰা হয়। পি ডব্লিউ ডি (আৰপিএমজিএছৱাই), পশুপালন আৰু পশু চিকিৎসা আৰু দুগ্ধ বিভাগ, মীন বিভাগৰ আদি বিভাগৰ কাম-কাজৰ লগতে চলি থকা প্ৰকল্প, ইয়াৰ লগতে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়ে বিভাগসমূহৰ ফলপ্ৰসূ সেৱা প্ৰদান, আন্তঃবিভাগীয় সমন্বয়, আৰু শোণিতপুৰ জিলাৰ জনসাধাৰণৰ সুবিধাৰ বাবে কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰে । আজিৰ বৈঠকখনত তেখেতৰ সৈতে হোৱা উন্নয়নৰ ক্ষেত্ৰত প্ৰাসংগিক বিভিন্ন বিষয়ৰ ভাবৰ আদান-প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক গৰাকীয়ে লগতে কয় যে- চৰকাৰে ভিন-ভিন বিভাগৰ মাজত সমন্বয়ৰ দ্বাৰা আঁচনিসমূহ ৰাইজৰ সুবিধাৰ্থে সময়মতে মুকলি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।













