মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ১৭ বছৰৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা ২০২৫-২৬; যিখন প্ৰতিযোগিতা অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ আৰু ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনে ফুটবল খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰিছে। আজি নদুৱাৰ সমষ্টিৰ গেলাহাটিঙাত অৱস্থিত, গেলাহাটিঙা খেলপথাৰত উপস্থিত হৈ এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। গেলাহাটিঙা চাহ বাগিছা ক্লাৱ ঘৰৰ আন্তঃগাঁঠনিৰ বাবে উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা এক লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াই ক্লাবটোৰ নিৰ্মাণ কাৰ্য্যৰো শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে।













