অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুমালা মন্দিৰ পৰিচালনা কৰা ট্ৰাষ্ট তিৰুমালা তিৰুপতি দেৱস্থানমছ পৰা প্ৰকাশিত এক অনৈতিক বিত্তীয় কেলেংকাৰীৰ তথ্যই দেশবাসীক চিন্তিত কৰি তুলিছে।জানিব পৰা মতে ২০১৫ চনৰ পৰা ২০২৫ চনলৈকে ৫৪ কোটি টকাৰ বৃহৎ ৰেচম চাদৰ কেলেংকাৰি সংঘটিত হৈছে, যি ঘটনাই বহু লোকৰ ধৰ্মীয় আস্থাত আঘাত হানিছে। এজন ঠিকাদাৰে নিবিদাৰ নথিপত্ৰত বিশুদ্ধ মালবেৰী ৰেচমৰ সামগ্ৰীৰ বিল সাজু কৰি ১০০% পলিয়েষ্টাৰ চাদৰ মন্দিৰ কতৃপক্ষক যোগান ধৰিছিল। ঠিকাদাৰজনে চাদৰৰ বাবে বাধ্যতামূলক বিশুদ্ধ তুঁহ ৰেচমৰ পৰিৱৰ্তে সস্তা পলিয়েষ্টাৰ সামগ্ৰী যোগান ধৰিছিল, যিবোৰ প্ৰধান দাতাক উপহাৰ হিচাপে আগবঢ়োৱা হয় আৰু বেদাচিৰবাচনমৰ দৰে মন্দিৰৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। টিটিডি ট্ৰাষ্ট ব’ৰ্ডে প্ৰতিষ্ঠানটোৰ সৈতে বৰ্তমানৰ সকলো নিবিদা বাতিল কৰাৰ লগতে এই বিষয়টো ৰাজ্যিক দুৰ্নীতি বিৰোধী ব্যুৰো (এচিবি)লৈ বিস্তৃত অপৰাধমূলক তদন্তৰ বাবে প্ৰেৰণ কৰিছে।













