আজি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পাঁচমাইল অঞ্চলত তিনিটাকৈ আধাৰশিলা স্থাপন কৰে।যিকোনো অঞ্চলৰ প্ৰকৃত উন্নয়ন সঠিকভাৱে নিৰ্মিত বাট-পথৰ ওপৰত নিৰ্ভৰ কৰে। অসম চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ (আৰ.আই.ডি.এফ) অধীনত পুৰণি আলিমুৰৰ পৰা পাঁচমাইল হৈ চামধৰা সংযোগী ২ কৌটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পথটিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে।আনটাইড ফাণ্ড আঁচনিৰ অধীনত ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা পাঁচমাইল সামূহিক ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে এম.জি.এনৰেগা অধীনত পাঁচমাইল হাইস্কুলৰ ১০ লাখ টকা ব্যয়েৰে খেলপথাৰখন উন্নতিকৰণৰ কাৰ্যৰো শুভাৰম্ভ কৰে। অসম চৰকাৰে ক্ৰীড়াৰ প্ৰসাৰৰ বাবে যে পদক্ষেপ লোৱাৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নতিক লক্ষ্য হিচাপে লৈছে।













