ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ ৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই) য়ে এক নতুন প্ৰশ্নকাকত আৰ্হিৰে ২০২৬ বৰ্ষৰ দশম তথা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা সদৰি কৰিছে। এই নতুন ব্যৱস্থাৰ লক্ষ্য এটাই সেইটো হৈছে ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মুখস্থ বিদ্যাৰ প্ৰতি আকৰ্ষণ হ্ৰাস কৰি পাঠ্যক্ৰমৰ বিষয় বুজি লৈ আয়ত্ত কৰাৰ লগতে যুক্তি, বিশ্লেষণ ক্ষমতা প্ৰয়োগ কৰি সমস্যা সমাধানৰ কৌশল শিকাত সহায় কৰা। ৫০% দক্ষতাভিত্তিক প্ৰশ্ন, ৩০% প্ৰশ্ন হ’ব চুটি/দীঘল উত্তৰভিত্তিক, ২০% প্ৰশ্ন এমচিকিউ হিচাপে থাকিব।













