২৮ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই অসমৰ চাহ বাগিচাৰ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। এই সিদ্ধান্তত আনন্দিত হৈ মাৰ্ঘেৰিটা চাহ বাগিচাৰ শ্ৰমিকসকলে টপ চাইড ফিল্ডত একগোট হৈ নাচি-বাগি উল্লাসিত হৈ পৰে। মাৰ্ঘেৰিটা শাখাৰ অসম চাহ মাজদুৰ সংঘৰ সম্পাদক হৰিনন্দ গোৰ্হে উল্লেখ কৰে যে “প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকৰ অৱদানে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছে। মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰূপেশ গোৱালাৰ গতিশীল নেতৃত্বৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে অৱশেষত চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰিব পৰা এই বিধেয়কখন আনিছে।”













