মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি”ৰ দ্বাৰা ঘৰে-ঘৰে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। আজি এই প্ৰয়াসৰ অংশ ৰূপে ৰঙাপাৰা ঠাকুৰবাৰীৰ গল্ফ খেলপথাৰত আয়োজিত অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠ ২৪,৮২৭ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। উক্ত সভাত ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, তথা আন সমষ্টিসমূহৰ বিধায়ক আৰু বিষয়ববীয়াসকলৰ সৈতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত আছিল।













