আজি চতিয়া পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগ ( টাইড ফাণ্ড) ২০২৪-২৫ বৰ্ষৰ আবণ্টিত আঁচনিৰ অধীনত মুঠ ৯১ লাখ ৮০ হাজাৰ টকাৰ ব্যয়ৰে নিৰ্মিত হোৱা চতিয়া ৰেল ষ্টেচন পথৰ পানী যোগান আঁচনিৰ শুভ উদ্বোধন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতে এজোপা “নাহৰ” গছপুলিও ৰোপণ কৰে। উক্ত আঁচনিৰ পৰা মুঠ ২০২ ঘৰ মানুহে উপকৃত হ’ব। এই অনুষ্ঠানত নদুৱাৰ সমজিলাৰ আয়ুক্ত মানস শইকীয়া, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া প্ৰিয়ঙ্কা চেত্ৰী, চতিয়া আৰু জামুগুৰি পৌৰসভাৰ পৌৰপতিদ্বয়, চতিয়া পৌৰসভাৰ উপ-পৌৰপতিৰ সৈতে অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে।













