অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ ক্ষেত্ৰত চৰকাৰে আশাব্যঞ্জক সফলতা লাভ কৰিছে। এতিয়ালৈকে সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে ১,৩৫,৩৭৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। চাহ জনজাতি সমাজৰ তুলনামূলকভাৱে কম সংখ্যক সফল প্ৰাৰ্থীৰ বিষয় সন্দৰ্ভত তেখেতে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো চাহ বাগিচাৰ অঞ্চলত প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে আন কোনো শিক্ষানুষ্ঠান স্থাপন হোৱা নাই। চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত যাতে দ্বাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিব পাৰে, চাহ বাগিচা অঞ্চলত অৱস্থিত মহাবিদ্যালয়সমূহত চাহ জনজাতি ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষিত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।













