প্ৰধানমন্ত্ৰী আৱাস যোজনা ২.০ য়ে দেশৰ নাগৰিকৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।নদুৱাৰ সমষ্টিৰ জামুগুৰিহাট পৌৰসভাত এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে। ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টো অগ্ৰাধিকাৰ দি অহা বুলি বিধায়ক পদ্ম হাজৰিকাই নিজৰ বক্তব্যত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা ২.০ ৰ দ্বাৰা লাভবান হোৱা একাংশ ৰাইজে কন্যকা বহুমুখী পামলৈ আহি আজি বিধায়কগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে; তেওঁলোকৰ সন্তুষ্টি দেখি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চৰকাৰৰ প্ৰচেষ্টা সাৰ্থক হোৱা যেন অনুভৱ হোৱা বুলি উল্লেখ কৰে।













