ছৌদি আৰৱত এক অনাকাংক্ষিতভাৱে হোৱা বাছ দুৰ্ঘটনাত কেইবাজনো ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। মক্কাৰ পৰা মদিনালৈ গৈ থকা উক্ত বাছত কেইবাজনো হায়দৰাবাদৰ তীৰ্থযাত্ৰী আছিল। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাৰ সন্দৰ্ভত জেদ্দাতত অৱস্থিত ভাৰতৰ কনছুলেট জেনেৰেলৰ ২৪ ঘণ্টাই সক্ৰিয় কন্ট্ৰল ৰুম স্থাপন কৰা হৈছে। কণ্ট্ৰল ৰুমৰ টোল ফ্ৰী নম্বৰ হৈছে ৮০০২৪৪০০০৩ ।













