উক্ত অনুষ্ঠানত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি অঞ্চলটোৰ সংস্কৃতি, পৰ্যটনৰ সম্ভাৱনা, সহযোগিতাৰ সুযোগসমূহ সামৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আঞ্চলিক পৰ্যটনক প্ৰসাৰিত কৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ মুখ্য উদ্দেশ্য তথা উত্তৰ-পূবৰ বিভিন্ন পৰ্যটনৰ সম্ভাৱনাক নতুন ৰূপত আগবঢ়াই নিবলৈ এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ পৰ্যটন মন্ত্ৰী চেৰিং থেণ্ডুপ ভূটিয়া, অসম আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী, ছিকিম লোকসভাৰ সাংসদ ইন্দ্ৰ হাং চুব্বা, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সম্পাদক ভি বিদ্যৱতীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুকলি সন্ধিয়াত সজীৱ উত্তৰ-পূব বজাৰত প্ৰতিনিধিসকলে থলুৱা শিল্পকৰ্ম, পৰম্পৰাগত বয়ন, বনৌষধি সামগ্ৰী, সাংস্কৃতিক সামগ্ৰী প্ৰদৰ্শন কৰা ষ্টলসমূহ পৰিদৰ্শন কৰে। এই প্ৰদৰ্শনীত অঞ্চলটোৰ বৈচিত্ৰ্য আৰু উদ্যোগী মনোভাৱৰ ওপৰত আলোকপাত কৰা হয়।













