এই অনুষ্ঠানত উপস্থিত হৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই “সুভদ্ৰা কুমাৰী চৌহান” বিৰচিত এটি হিন্দী কবিতা “মেৰা নয়া বচপন” লগতে গোৰ্খাসকলৰ জনপ্ৰিয় গীত “ৰাতৌৰানী ফুলেঝেই চাঝামা” পৰিবেশন আৰু প্ৰফুল্ল বৰাদেৱে লিখা এটি সময় নাটকৰ সংলাপ তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ এটি “যুদ্ধ” নামৰ কবিতা আবৃত্তি কৰে। এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰাৰ লগতে বিদ্যালয়ৰ কতৃপক্ষক এক সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা বাবে অভিনন্দন জ্ঞাপন কৰিলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।













