কেন্দ্ৰৰ বিশেষ সাহাৰ্য ৰাজ্যসমূহৰ মূলধনী বিনিয়োগ (SASCI) পুঁজিৰ সৰ্বাধিক ব্যৱহাৰ অসমত হোৱা বুলি নিজৰ এক বক্তব্যত স্বীকাৰ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। গুৱাহাটীত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰে চিকিৎসালয়, পথ আৰু মূল আন্তঃগাঁথনিৰ দৰে মূলধনী সম্পত্তি নিৰ্মাণৰ বাবে ৫০ বছৰীয়া সুতমুক্ত কেন্দ্ৰীয় ঋণ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সফল হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে গুৱাহাটী দুটা বৃহৎ প্ৰকল্প উদ্বোধন কৰে, এটা হৈছে ৩০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত টাৰ্মিনেল আৰু জেটিকে ধৰি গুৱাহাটীৰ গেটৱে আৰু দ্বিতীয়তে সতী ৰাধিকা উদ্যানত ৩২৭ কোটি টকাত বিকশিত হোৱা ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰকল্প।













