আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নদুৱাৰ সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰাৰম্ভিক পৰ্য্যায়ৰ ১০,০০০ টকাৰ চেক ৩১,০৪৫ গৰাকী হিতাধিকাৰীক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক সম্বোধন কৰি দিয়া নিজৰ ভাষণত প্ৰথম পৰ্যায়ৰ এই ধন কিদৰে সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকে আগবঢ়া উচিত এই সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। চৰকাৰী ধনৰ সদ্ব্যৱহাৰৰ দুটা সুন্দৰ উদাহৰণ দাঙি ধৰিবলৈ যাওতে নদুৱাৰ সমষ্টিৰ দুগৰাকী উদ্যমী মহিলাৰ সফলতাৰ কাহিনীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণত স্থান লাভ কৰে। তেখেতে জনসমাবেশত উপস্থিত মহিলাসকলক দুয়োগৰাকী উদ্যমী মহিলাৰ সফলতাৰ যাত্ৰাৰ কথা উল্লেখ কৰি কয় যে নদুৱাৰৰ ইটাখোলা গাঁৱৰ সম্প্ৰীতি গ্ৰাম্য সংগঠনৰ নন্দিনী আত্মসহায়ক গোটৰ মনালিছা দেৱীয়ে চিএলএফৰ পৰা ২,০০,০০০ টকা আৰু প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰা ঋণৰ সঠিক ব্যৱহাৰৰ দ্বাৰা আজি মাহিলী ৩৫,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে প্ৰগতি আত্মসহায়ক গোটৰ আন এগৰাকী উদ্যমী মহিলা ৰশ্মি ৰাভা বাইদেৱে চিএলএফৰ পৰা ১,০০,০০০ টকা ঋণ লৈ পুখুৰী আৰু শাক-পাচলি ব্যৱসায় আৰম্ভ কৰি মাহিলী ৩৩,০০০ টকা উপাৰ্জন কৰিবলৈ সফল হৈছে। এই দুইগৰাকী উদ্যমী মহিলাৰ পৰা প্ৰেৰণা লৈ মহিলা উদ্যমিতা আঁচনিৰ ধনৰ সঠিক ব্যৱহাৰ কৰি জামুগুৰিহাটৰ মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ ৰঞ্জিত দত্ত, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাৰ, মধুস্মিতা হাজৰিকা শোণিতপুৰ জিলাৰ আয়ুক্ত আদিৰ সৈতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকায়ো এই সমাবেশত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই বিশাল জনসমাবেশত প্ৰায় ৩৫ হাজাৰ আইমাতৃয়ে অংশগ্ৰহণ কৰে।













