এটা বৈদ্যুতিক বৰ্তনীত মেক্ৰ’স্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱাণ্টাইজেচন আৱিষ্কাৰৰ বাবে জন ক্লাৰ্ক, মিচেল এইচ ডেভ’ৰেট আৰু জন এম মাৰ্টিনিছে ৰয়েল ছুইডিছ একাডেমীয়ে ঘোষণা কৰা ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা জয় কৰিছে।ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সৰ এক বিবৃতিত প্ৰকাশ কৰে যে বিজ্ঞানী ৩ গৰাকীয়ে চিপ ভিত্তিক বৈদ্যুতিক বৰ্তনী ব্যৱহাৰ কৰি কোৱাণ্টাম পদাৰ্থ বিজ্ঞানক কাৰ্য্যত উন্মোচন কৰিছে, ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে কোৱাণ্টাম পৰিঘটনাবোৰ হাতত ধৰি ৰাখিব পৰাকৈ ডাঙৰ স্কেলত প্ৰকাশ পাব পাৰে।













