৪০০ বছৰৰো অধিককালৰ এক ঐতিহ্যৰ সাক্ষী জামুগুৰিহাটৰ শলগুৰিত অৱস্থিত চেউনি বটদ্ৰৱা কলীয়া গোঁসাই থান। প্ৰবাদ অনুসৰি ৰৌতাৰ পৰা গাংমৌ লৈ যাত্ৰা কৰাৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইয়াতেই জিৰণি লৈছিল। আজি এই পৱিত্ৰ থানখনৰ মূল প্ৰৱেশদ্বাৰৰ তোৰণ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাত উপস্থিত থকাৰ থাকি মূল প্ৰৱেশদ্বাৰৰ তোৰণৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ, আইমাতৃসকল আৰু যুৱকসকলো উপস্থিত থাকে।













