ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ৬ অক্টোবৰ ২০২৫ ত ঘোষণা কৰিছে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। মেৰী ই ব্ৰুংক’, ফ্ৰেড ৰেমছডেল আৰু শ্বিমন ছাকাগুচিলৈ পেৰিফেৰেল ইমিউন টোলাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।বঁটা বিজয়ীসকলে ইমিউন চিষ্টেমৰ নিৰাপত্তাৰক্ষী, ৰেগুলেটৰী টি চেল (regulatory T cells) চিনাক্ত কৰে, যিয়ে আমাৰ নিজৰ শৰীৰত ইমিউন চেলে আক্ৰমণ কৰাত বাধা দিয়ে। নোবেল কমিটীৰ অধ্যক্ষ অলে কেম্পে কয় যে তেওঁলোকৰ এই আৱিষ্কাৰসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে কাম কৰে আৰু আমি সকলোৱে কিয় গুৰুতৰ অটোইম্যুন (autoimmune) ৰোগত আক্ৰান্ত নহওঁ সেই বিষয়ে জনাত সহায় কৰিছে।













