আজি চতিয়া চেন্টাৰৰ মাজ মজিয়াত “জনতা গেৰেজ” নামে এখন অত্যাধুনিক “টু হুইলাৰ ছাৰ্ভিছিং চেণ্টাৰ” লগতে “কাৰ ৱাছিং চেণ্টাৰ” শুভ উদ্বোধন কৰি স্বত্বাধিকাৰী যুৱ ব্যৱসায়ী মৃদুললৈ শুভেচ্ছা জ্ঞাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। সকলো ধৰণৰ অত্যাধুনিক সুবিধা উপলব্ধ এই ছাৰ্ভিছিং চেণ্টাৰটোৰ দ্বাৰা ৰাইজ উপকৃত হ’ব বুলি আশা বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত চতিয়া পৌৰসভাৰ পৌৰপতি দ্বীপশিখা সন্দিকৈ, চতিয়া পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকল, ৩ নং চতিয়া গাঁও পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়া উপস্থিত থাকি যুৱ ব্যৱসায়ীগৰাকীক উৎসাহিত কৰে।













