১৯৯৮ চনত ষ্টেনফৰ্ডৰ দুজন স্বপ্নদ্ৰষ্টা ছাত্ৰ লেৰী পেজ আৰু চাৰ্জী ব্ৰিনে মেনলো পাৰ্কৰ গেৰেজৰ পৰা ষ্টাৰ্টআপ ৰূপে আৰম্ভ তথ্য প্ৰযুক্তিৰ বিস্ময় গুগলে সম্পূৰ্ণ কৰে ২৭ বছৰ। পৃথিৱীৰ তথ্যসমূহ সংগঠিত কৰি ইয়াক সাৰ্বজনীনভাৱে সুলভ কৰি তোলাৰ উদেশ্যে আৰম্ভ হোৱা চাৰ্ছ ইঞ্জিন গুগলে সমগ্ৰ বিশ্বব্যাপী নতুন ধাৰাৰ সৃষ্টি কৰাৰ উপৰিও জিমেইল, ইউটিউব, গুগল মেপ, এণ্ড্ৰইড, আনকি গুগল এআই আদিৰেও ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক উপকৃত কৰিছে।













