অৰুণাচল প্ৰদেশৰ জিৰ’ত অনুস্থিত হোৱা ২০২৫ বৰ্ষৰ জিৰ’ মিউজিক ফেষ্টিভেলত ৭ নং ভাৰতীয় বায়ুসেনা বেণ্ডে কিংবদন্তি জুবিন গাৰ্গৰ আইকনিক ট্ৰেক মায়াবিনী পৰিবেশন কৰি উপস্থিত দৰ্শকক আৱেগিক কৰি তোলে। কণ্ঠশিল্পীগৰাকীৰ সংগীতৰ ক্ষেত্ৰখনলৈ যি অৱদান আছিল তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীসকলৰ পৰা ইতিমধ্যেই মেলানি মগা জুবিন গাৰ্গলৈ জিৰ’ মিউজিক ফেষ্টিভেলত শ্ৰদ্ধা নিবেদন জনোৱাৰ লগে-লগে অনুৰাগীসকলক নষ্টালজিক হৈ পৰা দেখা গৈছিল। অহা ২৮ চেপ্তেম্বৰ ২০২৫ তাৰিখে জিৰ’ মিউজিক ফেষ্টিভেলৰ সামৰণি পৰিব।













