প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ১০০ টকীয়া শতবাৰ্ষিকী মুদ্ৰা আৰু বিশিষ্ট লেখিকা শ্ৰীমতী অনুৰাধা শৰ্মা বৰপূজাৰীয়ে ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত ৰচনা কৰা এখন গ্ৰন্থ উন্মোচন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে ড° ভূপেন হাজৰিকা শাৰীৰিকভাৱে আমাৰ মাজত উপস্থিত নাথাকিব পাৰে, কিন্তু তেওঁৰ কণ্ঠই মানুহক শক্তি প্ৰদান কৰে। ভূপেন হাজৰিকাৰ সংগীতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক সামৰি লৈছে; তেওঁৰ শিপা ভাৰতৰ সাংস্কৃতিক পৰম্পৰাত আছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।













