আজি সমগ্ৰ অসমতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি শ্ৰদ্ধাৰে উদযাপিত হৈছে। এই পৱিত্ৰ দিনটোত জামুগুৰিহাটৰ ডেকাসুন্দৰ নামঘৰতো গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে এভাগ ভাওনা অনুষ্ঠিত কৰা হৈছে। সেই উপলক্ষ্যে দিনৰ ভাগত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। নিজৰ বক্তব্য প্ৰকাশ কৰি তেখেতে ভাওনা ভাগ সুন্দৰকৈ প্ৰদৰ্শন হওক তাৰ বাবে প্ৰতিগৰাকী গায়ন-বায়ন তথা ভাৱৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।













